May 9, 2025 11:43 AM May 9, 2025 11:43 AM
6
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আজিৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত আজিৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত ফাট বিহু। আজি পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে ফাট বিহুৰ শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্রতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্রতিযোগিতা। কাইলৈ কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্রতিযোগিতা, পূর্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট...