August 27, 2024 5:57 PM August 27, 2024 5:57 PM
12
ঢাকাত ৩৭৮ জন আনচাৰ জোৱানক জে’ললৈ প্ৰেৰণ
দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে ৩৭৮ জন আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীক জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নাম উল্লেখিত ৪৩৭ আৰু নাম উল্লেখ নথকা ১১ হাজাৰ ১০০ জনক চাৰিটা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৪০ জন আহত হোৱাৰ উপৰিও সোমবাৰে জাৰি কৰা আন্তঃসেৱা জনসংযোগ কাৰ্য্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কমেও ৬ জন সেনা আহত হয়। ইয়াৰে এজ...