October 16, 2025 11:59 AM

views 33

বাক্সাৰ কাৰাগাৰৰ সন্মুখত কালি সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বুজ লয় আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়িক জিম্মা লাভ কৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচজনক কালি বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পাছত মাজনিশা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিয়লিৰ ভাগত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ সৈতে মত বিনিময় কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয়, যে ন্যায় প্ৰদা...