May 12, 2025 7:09 PM
12
ভাৰতৰ যুঁজ পাকিস্তানৰ সামৰিক বাহিনীৰ বিৰুদ্ধে নহয় বৰং সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তগাঁথনি ধ্বংস কৰাৰ উদ্দেশ্যে আছিল বুলি ডি জি এম ও এয়াৰ মাৰ্ছেল এ কে ভাতীৰ প্ৰকাশ
ভাৰতৰ যুঁজ পাকিস্তানৰ সামৰিক বাহিনীৰ বিৰুদ্ধে নহয় বৰং সন্ত্ৰাসবাদী আৰু তেওঁলোকে ব্যৱহাৰ কৰা আন্তগাথনি ধ্বংস কৰাৰ উদ্দেশ্যে আছিল বুলি দেশৰ বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান অৰ্থাৎ ডি জি এম ও এয়াৰ মাৰ্ছেল এ কে ভাতীয়ে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত স্থল সেনা আৰু নৌ সেনাৰ ডি জি এম ওৰ উপস্থিতিত বায়ুসেনাৰ ডি জি এম ও গৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তানৰ সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সমৰ্থন আগবঢ়াই ভাৰতক আক্ৰমণ কৰাৰ ফলত সেনাবাহিনীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়।...