August 23, 2024 6:19 PM

views 26

এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী

আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী আৰু অতিৰিক্ত সঞ্চালক প্ৰধান এল মধুনাগে আজি এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কৰে। আকাশবাণীৰ আন আন বিষয়াসকলেও এই কাৰ্যসূচীৰ অধীনত প্ৰতিষ্ঠানৰ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ বিশ্ব পৰিবেশ দিৱসৰ দিনা এক পেড় মাকে নাম শীৰ্ষক অভিযান মুকলি কৰে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই সমগ্ৰ দেশতে গছপুলি ৰোপণ অভিযানত জনসাধাৰণে অতি উৎসাহেৰে এই কাৰ্যসূচীত অংশ লৈছে।