December 5, 2024 8:21 PM December 5, 2024 8:21 PM
15
তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ
বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰ...