May 28, 2025 12:02 PM

views 14

চলিত বছৰত প্ৰকাশ পাব দেউৰী-অসমীয়া-ইংৰাজী অভিধান

অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ ভাষাটো সুৰক্ষিত কৰাৰ বাবে ১০ হাজাৰ শব্দ সামৰি দেউৰী-অসমীয়া-ইংৰাজী অভিধান চলিত বছৰতে প্ৰকাশ পাব। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা চমুকৈ এবিলেকে এই ত্রিভাষিক অভিধানখন প্ৰস্তুত কৰাৰ বাবে শেষৰখন কৰ্মশালাৰ আয়োজন কৰিছে। ২০১৩ চনতে এই অভিধানখন প্ৰণয়ন কৰাৰ কাম আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ হোৱা নাছিল। প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ সঞ্চালক ড০ সুদেষ্ণা ভট্টাচাৰ্যৰ উদ্যোগত বৰ্তমান অভিধানখনৰ শেষ পৰ্যায়ৰ কাম চলি আছে। এবিলেকৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠি...