November 18, 2024 12:17 PM

views 12

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি ড° সূর্যকান্ত হাজৰিকাৰ মন্তব্য

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে। কালি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সভাপতিগৰাকীয়ে এইদৰে কয়। ড° হাজৰিকাই তেওঁৰ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাক এখন কৃষি সম্বন্ধীয় বিশ্বকোষ প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনায়। সভাত সাহিত্য একাডেমী বঁটাপ্ৰাপক জয়ন্তমাধৱ বৰা, কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত ভাষাতত্ববিদ ড° নগেন...