April 29, 2024 12:49 PM

views 36

সমৰ হাজৰিকাক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ডাঃ উপেন কাকতি বঁটা প্ৰদান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাক কালি দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ডাঃ উপেন কাকতি বঁটা প্ৰদান কৰে। আনহাতে, লোকশিল্পী বিপুল চেতিয়া ফুকনক জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হয়। দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ দুয়োগৰাকী বিশিষ্ট শিল্পীক ফুলাম গামোচা, চেলেং, স্মাৰক, জাপি, স্মৃতিগ্ৰন্থ আৰু নগদ ধনেৰে সন্মান জনোৱা হয়। দুদিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত বিহুৱতীকে ধৰি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। সাহিত্যিক, শিক্ষাব্রতী ড° কালীপ্রসাদ গোস্বা...