August 12, 2025 11:34 AM

views 13

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ নৱনিযুক্ত কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱ নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছে। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত মুখ্য অতিথি হিচাপে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলে পাছিং আউট পেৰেডত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন পুলিচ একাডেমীত গোৱাৰ কনিষ্টবল সকলক প্ৰশিক্ষণ প্ৰদান কৰাটো অসমৰ বাবে আনন্দৰ কথা বুলি মন্তব্...