July 13, 2024 10:33 AM July 13, 2024 10:33 AM

views 9

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়াকৈ ৰ’বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন

■ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লী আৰু প্ৰচাৰ ভাৰতীয়ে আজিৰে পৰা দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত দুদিনীয়া ৰ'বট প্রতিযোগিতা ডি ডি ৰোবকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৫ খন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ৭৫০ জনৰো অধিক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ৰ'ব'টে নির্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামৰ ক্ৰাননিহত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্রশান্ত মহাসাগৰীয় সম্প্ৰচাৰ সংঘ ৰোব'কন ২০২৪ প্রতিযোগ...

July 4, 2024 3:01 PM July 4, 2024 3:01 PM

views 11

দিল্লীত ৪ দিনীয়াকৈ পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীৰ্ষক গোলকীয় অভিৱৰ্তন

■ ৰাসায়নিক আৰু পেট্‌’ কেমিকেল সচিব নিবেদিতা শুক্লা বার্মাই আজি নতুন দিল্লীত ৪ দিনীয়াকৈ আয়োজিত পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীর্ষক গোলকীয় অভিৱৰ্তন উদ্বোধন কৰে। এই অভিৱৰ্তনে উদ্যোগসমূহৰ নেতা, ষ্টার্টআপ আৰু পৰিবেশ বিশেষজ্ঞসকলক প্লাষ্টিক উদ্যোগৰ বহন ক্ষমতা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শেহতীয়া অগ্ৰগতি আৰু মতাদৰ্শসমূহ প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন বিশেষ মঞ্চ প্ৰদান কৰিব। এই প্ৰদৰ্শনীত বিভিন্ন গোটৰ অংশীদাৰসকলৰ লগতে উদ্যোগসমূহৰ নেতা, উদ্ভাৱক, নীতি নিৰ্ধাৰক...

July 2, 2024 8:34 PM July 2, 2024 8:34 PM

views 14

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্ত্রালয়ে কৈছে যে সন্মিলনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, কৃত্রিম বুদ্ধিমত্তা বিষেজ্ঞ আৰু নীতি প্ৰণেতাসকলে অংশগ্রহণ কৰিব। ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে সন্মিলনৰ উদ্বোধনী অনুষ্ঠ...

July 2, 2024 7:02 PM July 2, 2024 7:02 PM

views 13

দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন আপৰ সাংসদ স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ সাংসদ স্বাতী মালিৱালে দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা এখন পত্ৰত শ্ৰীমতী মালিৱালে কয় যে তেওঁ আয়োগৰ নেতৃত্ব দিয়া সময়ছোৱাত নিৰ্মিত ব্যৱস্থাসমূহ চৰকাৰে ধ্বংস কৰিছে। তেওঁ আয়োগৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, বাজেট কর্তন, কৰ্মচাৰীৰ অপসাৰণ আৰু নেতৃত্বৰ পদ খালী হোৱাৰ অভিযোগ কৰিছে। তেওঁ মহিলা হেল্পলাইন নম্বৰ প্ৰত্যাহাৰ কৰা ঘটনাটোতো উদ্বেগ প্রকাশ কৰিছে। শ্ৰীমতী মালিৱালে এই গোটেই বিষয়টোত মুখ্যমন্ত্ৰ...

June 28, 2024 1:34 PM June 28, 2024 1:34 PM

views 5

দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগক সুবিধা প্ৰদান কৰা। ইপিনে কালি মুকলি কৰা য়শস্বিনী শীৰ্ষক উদ্যমে মহিলাৰ মালিকানাধীন অনানুষ্ঠানিক অতি ক্ষুদ্র উদ্যোগসমূহক আনুষ্ঠানিক কৰি গঢ়ি তোলাৰ লগতে প্ৰয়োজনীয় সুবিধা আৰু সাহায্...

June 27, 2024 12:01 PM June 27, 2024 12:01 PM

views 8

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক বাৰ্ধক্যজনিত সমস্যাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছে। বার্ধক্যজনিত সমস্যাৰ বাবে নেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৯৬ বছৰীয়া শ্ৰী আদৱানীক বাৰ্ধক্যজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে। এইমছৰ বিষয়াই প্ৰকাশ কৰা মতে প্রবীণ নেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু তেওঁক চিকিৎসকৰ তদাৰকত ৰখা হৈছে।

June 21, 2024 3:12 PM June 21, 2024 3:12 PM

views 14

দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰাৰম্ভিক আলোচনা

সমাগত সাধাৰণ বাজেটৰ পূৰ্বে আজি বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বাজেটৰ প্ৰাৰম্ভিক আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধাৰী, বিত্ত সচিব টি ভি সোমনাথন, মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্থ নাগেশ্বৰন, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কৃষি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগৰ গৰাকী আৰু সংগঠনসমূহৰ লগতে আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে বাজেট সন্দৰ্ভত বৈঠকত মিলিত হৈছিল।

June 18, 2024 7:44 PM June 18, 2024 7:44 PM

views 11

দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি

নতুন দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত এটা অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি কৰিছে। সশস্ত্র বাহিনীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বেংক স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, সেনাবাহিনীত কৰ্মৰত সৈনিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ গুৰুতৰভাৱে জুয়ে পোৰা ছাল আৰু ছালৰ সৈতে জড়িত অন্যান্য সমস্যাসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। সৈন্য বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালকপ্ৰধান আৰু কৰ্ণেল...

June 8, 2024 2:45 PM June 8, 2024 2:45 PM

views 13

দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

নতুন দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি দলীয় নেতাসকল উপস্থিত আছে। শেহতীয়া লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনক লৈ আলোচনা কৰাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। ৱাৰ্কিং কমিটিৰ বৈঠকৰ পাছত আজি সন্ধিয়া কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব। দলৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদসকলৰ লগতে ৰাজ্যসভাৰ সাংসদসকলো এই বৈঠকত উপস্থিত থাকিব।

May 2, 2024 12:38 PM May 2, 2024 12:38 PM

views 14

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সভাপতি জে পি নাড্ডাৰ আলোচনা

♦ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু সামগ্ৰিক নিৰ্বাচনী প্রক্রিয়া সন্দৰ্ভত আলোচনাত মিলিত হয়। দলৰ ন' বিজেপি, অর্থাৎ বিজেপিক জনা উদ্যমৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হৈছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই এই উদ্যমৰ জৰিয়তে বিজেপিৰ কৃতিত্বসমূহৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিজেপিয়ে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ দ্বাৰা আনক অনুপ্রাণিত কৰাৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰে। আলোচনাত ...