December 13, 2024 5:32 PM

views 33

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমাতংক

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমা বিস্ফোৰণ সংঘটিত হ'ব বুলি ই-মেইল যোগে জানিব পৰা যায়। এই তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই আটাইকেইখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়াই। দিল্লী অগ্নি নির্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয়, যে পশ্চিম বিহাৰৰ ভাটনগৰ ইণ্টাৰনেচনেল স্কুল, কেমব্ৰিজ স্কুল শ্রীনিবাসপুৰী, ডি পি এছ অমৰ কলনি, ছাউথ ডেলহি পাব্লিক স্কুল, ডিফেন্স ক'লনি, ডি পি এছ ছফদাৰজং এনক্লেভ আৰু ভেংকতেশ্বৰ গ্ল'বেল স্কুল ৰোহিনীয়ে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছত বোমা ধৰা পেলোৱা দল আৰু...

November 7, 2024 8:14 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাইলৈ কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰে। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূল মন্ত্ৰৰে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহ পালন কৰা হয়।

November 1, 2024 5:27 PM

views 17

দিল্লী অগ্নিনির্বাপন বিভাগৰ দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ

দিল্লীৰ অগ্নিনির্বাপন বিভাগে এইবেলি দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ কৰে। বিভাগীয় তথ্য অনুসৰি বিগত ১০টা বছৰৰ ভিতৰত অগ্নিকাণ্ডৰ বাতৰিৰে বিভাগটোৱে লাভ কৰা এনে ফোনকলৰ সংখ্যা আছিল সবাতোকৈ অধিক। দিল্লীৰ অগ্নিনির্বাপন বিভাগৰ সঞ্চালক অতুল গাৰ্গে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে কালি সন্ধিয়া ৫ বজাৰ পৰা আজি পুৱা ৫ বজালৈ অর্থাৎ ১২ ঘণ্টা সময়ৰ ভিতৰত দিল্লী এলেকাত ৩০০টাতকৈও অধিক অগ্নিকাণ্ড সংঘটিত হয়। এনে ঘটনাসমূহৰ মাজতে তিনিজন লোকে প্ৰাণ হেৰুৱাই বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রী গাৰ্গে অৱশ্যে দীপা...

October 14, 2024 7:34 PM

views 35

দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি কৰে। এই পোৰ্টেলটোৰ জৰিয়তে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে নিৰাপদ আৰু বৈধভাৱে আহ-যাহৰ সূচলতাৰ ব্যৱস্থা কৰা হ'ব। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এই পোৰ্টেলটো মুকলি হোৱাৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ, স্বচ্ছ তথা সৰ্বাত্মক আহ-যাহৰ সুবিধা সৃষ্টি কৰাৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টা প্রতিফলিত হৈছে। তেওঁ লগতে কয় যে পোৰ্টেলটো পুনৰ সজ্জিত কৰাৰ জৰিয়তে বিদেশত ভাৰতীয় কৰ্মচাৰীসকলৰ ...

October 13, 2024 9:24 PM

views 25

দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰ দিল্লীত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰখনত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ কৰে। ঘটনা সন্দৰ্ভত এজন বাহন চালককে ধৰি ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোককেইজনে অবৈধ আতচবাজিসমূহ দিল্লী এন চি আৰ অঞ্চললৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

October 7, 2024 2:19 PM

views 25

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত ড° মুইজ্জুৱে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ৰাজঘাটলৈ যায় আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। কাইলৈ ৰাষ্ট্ৰপত...

October 7, 2024 10:54 AM

views 25

বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে গৃহমন্ত্ৰীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বাওপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ বিকাশত সমৰ্থন আগবঢ়োৱা কাৰ্যৰ সৈতে বিশেষভাৱে জড়িত ৫ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী বৈঠকত উপস্থিত থাকিব। তদুপৰি বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ...

October 1, 2024 10:10 AM

views 19

প্ৰধানমন্ত্ৰী মোদী জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ’লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ’ব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এন্ড্রিউ হ'লনেছৰ সৈতে বিশেষ আলোচনাত মিলিত হ'ব। দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ এই আলোচনাত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জামাইকাৰ প্ৰধানমন্ত্ৰী ড০ এণ্ডিউ হ'লনেছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ লগতে কেইবাগৰাকীও উদ্যোগপতিৰ সৈতে মত বিনিময় কৰিব। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ড০ এণ্ডি...

September 16, 2024 6:15 PM

views 27

কাইলৈৰে পৰা দিল্লীত অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ অনুষ্ঠিত হ’ব

অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ কাইলৈৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত মণ্ডপমত এই কাৰ্যসূচী উদ্বোধন কৰিব। চাৰিদিনীয়া এই কাৰ্যসূচীত ২০০ গৰাকী বিদেশী প্রতিনিধিসহ ৪০ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। প্ৰদৰ্শনীৰ সময়ছোৱাত ১০০ কৈও অধিক প্ৰদৰ্শক আৰু ষ্টার্টআপে জল ক্ষেত্ৰত নিজ নিজ ভাৱাদৰ্শ প্ৰদৰ্শন কৰিব। নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত জলশক্তি মন্ত্ৰ্যালয়ৰ সচিব দেৱশ্ৰী মুখার্জীয়ে কয় যে উপযুক্ত জল ব্যৱস্থাপনাই দেশৰ আৰ্থিক বৃদ্ধি ত্বৰান্বিত কৰিব। ত...

September 7, 2024 9:09 PM

views 12

দিল্লীত খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক অনলাইন মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি আজি নতুন দিল্লীত পৰিবহণ আৰু দক্ষতাৰ বিকাশ সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ এটা ফুড এগ্রেগেটৰ অৰ্থাৎ খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক প্ৰকাৰৰ অনলাইন মঞ্চৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে, নতুন প্ৰযুক্তিৰ প্ৰচলনৰ ফলত ব্যৱসায়ৰ বাবে দক্ষতাৰ বিকাশ অপৰিহাৰ্য্য হৈ পৰিছে। পৰিবহণৰ ভৱিষ্যৎ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰী চৌধুৰীয়ে কয় যে, আন্তঃগাঁথনি আৰু যোগায...