May 23, 2025 12:10 PM

views 35

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ অংশ হিচাপে মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টাৰ্ট আপ আৰু নীতি তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে গ্রহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি-খাদ্য প্ৰ-স...

May 22, 2025 3:36 PM

views 4

দিল্লীত বুধবাৰে সন্ধিয়া প্ৰবল ধুমুহাৰ ফলত দুজন লোকৰ মৃত্যু

দিল্লীত কালি সন্ধিয়া হোৱা এজাক প্ৰবল ধুমুহাৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। দিল্লীৰ অগ্নি নির্বাপক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ধুমুহাৰ ফলত ঘৰ ভাগি পৰাৰ লগতে গছ আৰু বৈদ্যুতিক খুটা উভালি পৰা ঘটনা সন্দৰ্ভত বিভাগটোৰ কাৰ্যালয়লৈ প্ৰায় ৬০ গৰাকী লোকে ফোন কৰিছে। প্ৰচণ্ড বতাহৰ ফলত ভালেমান যান-বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যান-বাহন, মেট্ৰ' ৰে'ল আৰু বিমানৰ যাতায়াতো ব্যাহত হয়।

March 28, 2025 8:09 PM

views 23

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্রশ্নকালীন ঘণ্টাৰে আৰম্ভ

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন আজি প্রশ্নকালীন ঘণ্টাৰে আৰম্ভ হয়। প্রশ্নকালীন ঘণ্টাৰ সময়ছোৱাত শাসকীয় আৰু বিৰোধী দলৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশেষকৈ পুৰণি পেঞ্চন আঁচনি, ৰাস্তা-ঘাট, পানী যোগান, যান-বাহনৰ সমস্যা আদি সন্দৰ্ভত আলোচনা কৰে । প্রশ্নকালীন ঘণ্টাত বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তাৰ নিৰ্দেশত বিৰোধী দলৰ নেত্ৰী আতিশী, বিচেছ ৰবি, কুলদীপ কুমাৰ আৰু সঞ্জয় ঝাকে ধৰি আম আদমি দলৰ কেইবাজনো বিধেয়কক সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াত বাধা আৰোপ কৰাৰ অভিযোগত মাৰ্শ্বালৰ সহায...

March 11, 2025 6:11 PM

views 29

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

February 17, 2025 8:43 PM

views 26

দিল্লীত বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত আজি সীমান্ত সুৰক্ষা বাহিনী-বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্রতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামান চিদ্দিকিৰ নেতৃত্বত অহা বি জি বিৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়াৰ ...

February 14, 2025 1:04 PM

views 37

ভাৰতীয় শক্তি সপ্তাহ ২০২৫ ত অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন

দিল্লীৰ দ্বাৰকাৰ যশোভূমিত চলি থকা ভাৰতীয় শক্তি সপ্তাহ ২০২৫ত কালি অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন কৰা হয়। এই সত্ৰত অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা দলে বিনিয়োগৰাকীসকলক বিশেষকৈ হাইড্রোকার্বন আৰু আনুসঙ্গিক খণ্ডৰ কাণ্ডাৰীসকলক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। অসম সম্পৰ্কীয় এই সত্ৰত বিনিয়োগ, ব্যৱসায় আৰু সংবাদ জগতৰ প্ৰায় ১৫০গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। অসমত পেট্ৰ'কেমিকেল খণ্ডৰ বিনিয়োগৰ সুযোগৰ বিষয়ে বক্তাসকলে আলোকপাত...

January 30, 2025 2:22 PM

views 27

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰিদৰ্শনকালত শ্ৰীমল্লক সংগ দিয়ে।

January 22, 2025 7:55 PM

views 29

২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা ২৮ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ২৪ সংখ্যক ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। দেশৰ ১৩খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্রীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহোৎসৱৰ এম্বেচাদৰ হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ নাম বাছনি কৰা হৈছে।

January 7, 2025 8:41 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ১৭ জানুৱাৰী হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১৮ জানুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২০ জানুৱাৰী হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব আৰু সেই...

January 2, 2025 9:54 AM

views 24

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ'বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মীৰ আৰু লাডাখৰ ৩ হাজাৰ বছৰজোৰা ইতিহাসৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। নেশ্যনেল বুক ট্রাষ্ট আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।