November 11, 2025 6:37 PM

views 34

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ’বঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে এইদৰে কয়। তেওঁ কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উঁহ উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। শ্রী মোদীয়ে কয়, যে আজি তেওঁ অত্যন্ত গধুৰ হৃদয়েৰে ভূটানলৈ আহিব লগা হৈছে, কাৰণ দিল্লীৰ...

October 28, 2025 8:45 PM

views 39

বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে মহানগৰখনৰ বায়ু প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে কৃত্ৰিম বৰষুণৰ সম্পৰীক্ষা আৰম্ভ কৰিছে। দিল্লীৰ পৰিবেশ মন্ত্ৰী মনজিন্দৰ সিং চিলচাই কয় যে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ নেতৃত্বত পৰীক্ষামূলক প্ৰকল্পৰ অধীনত আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ওপৰত কৃত্রিমভাৱে মেঘ সৃষ্টি অভিযানৰ বাবে প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানখনৰ বিমানঘাটিৰ পৰা এখন বিমানে উৰা মাৰে। তেওঁ কয় যে দিল্লীত এয়া এনে ধৰণৰ তৃতীয়টো পৰীক্ষা। শ্রীচিলচাই কয় যে ছেচনা বিমানখনে কানপুৰৰ পৰা উৰা মাৰি খেকৰা, বুৰাৰি, উত্তৰ কৰোৰবাগ আৰু ময়ুৰবিহা...

October 2, 2025 8:51 PM

views 25

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...

September 22, 2025 9:15 PM

views 25

দিল্লীত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দিল্লীত আয়োজিত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ কৰে। তেওঁ কয়, যে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে দিল্লীৰ লগতে সমগ্ৰ দেশতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে য'ত বিনামূলীয়াকৈ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সেৱা পষেকৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপ মহিলাসকলৰ স্বাস্থ্য আৰু সৱলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ মহিলাসকলক শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ আ...

August 17, 2025 8:04 PM

views 59

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

■ বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সংসদীয় পৰিষদৰ অন্যান্য সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকত প্ৰধানকৈ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছে। যোৱা ৬ আগষ্টত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা-এন ডি এৰ নেতাসকলে উপ-ৰাষ...

August 17, 2025 7:59 PM

views 35

দিল্লীত ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নির্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে দেশে চক্ৰধাৰী মোহনৰ লেখিয়াকৈ একে উৎসাহেৰে ভাৰতক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ লগতে ভাৰতক এখন স্ব-নিৰ্ভৰযোগ্য দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্রী আৰু সেৱাকৰ ব্যৱস্থাৰ...

August 5, 2025 3:25 PM

views 25

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰীগৰাকীয়ে এখন জনসভাতো ভাষণ দিব। ছেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অংশ হিচাপে এই ভৱন নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰশাসনিক প্রক্রিয়াসমূহ সুশৃংখল কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি থকা সাধাৰণ কেন্দ্ৰীয় সচিবালয় ভৱন নিৰ্মাণ প্ৰকল্পৰ অংশ হিচাপে কৰ্তব্য ভৱন সাজি উলিওৱা হৈছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি ১.৫০ লাখ বর্গমিটাৰ এলেকাজোৰা এই ভৱনটো মোদী চৰকাৰৰ আধুনিক, দক্ষ আৰু নাগৰিককেন্...

July 4, 2025 1:09 PM

views 31

দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন

সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাৰে কালি নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱ মেলা ২০২৫ৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি গুৰজাৰে কয় যে ভাৰত জৈৱ মেলাই সমবায় আৰ্হিয়ে ক্ষুদ্র কৃষকসকলক কেনেদৰে সবল কৰি তুলিব পাৰে আৰু জনসাধাৰণৰ মাজত কিদৰে নিৰাপদ আৰু জৈৱিক খাদ্য উপলব্ধ কৰিব পাৰি, তাৰ উদাহৰণ দাঙি ধৰে। তেঁও কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সহযোগীতাৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে...

June 6, 2025 9:22 PM

views 34

২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈকে বৃদ্ধি কৰিছে। আজি অভিযুক্ত ৰাণাক ভি ডি অ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱাৰ সময়ত বিশেষ ন্যায়াধীশ চন্দ্ৰেজিৎ সিঙে ৰাণাক পুনৰ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিয়ে। পাটিয়ালা হাউছ আদালতে তিহাৰ জে'ল কৰ্তৃপক্ষক ৰাণাৰ স্বাস্থ্যৰ স্থিতি সন্দৰ্ভত অহা সোমবাৰৰ ভিতৰত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

May 27, 2025 7:49 PM

views 35

অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণ সন্দৰ্ভত অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাত কৰি অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্যখনলৈ সামগ্ৰী পৰিবহনৰ সমস্যা লাঘব কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থায়ো স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক পৰিবহনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণেৰে কাম কৰি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আন...