February 5, 2025 1:06 PM

views 8

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আৰম্ভ, ৬৯৯গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্ৱন্দ্ৱিতা

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব । মুঠ ভোটদাতাৰ ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ, প্ৰায় ৭২ লাখ মহিলা আৰু এহেজাৰ ২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। দিল্লী নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ ৱিজেন্দ গুপ্...