February 14, 2025 12:39 PM

views 35

নিকি পুন্নাচা আৰু কাৰ্টনি লক দিল্লী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

দিল্লী অপেন টেনিছ প্রতিযোগিতাত ভাৰতৰ নিকি পুন্নাচা আৰু জিম্বাব'ৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হ'বলগীয়া ছেমি ফাইনেলত যুটিটোৱে ব্রিটেন ডেনমার্কৰ জে ক্লাৰ্ক আৰু জোহানছ ইনজিলড়চেনৰ সন্মুখীন হ'ব। ভাৰত জিম্বাব'ৱেৰ যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীক ৬-৩, ২-৬, ১০-৫ ছেটত পৰাস্ত কৰে।

February 11, 2025 3:59 PM

views 32

দিল্লী অ’পেন টেনিছৰ পুৰুষৰ ছিংগলছত ভাৰতৰ মুকুণ্ড ছছীকুমাৰৰ ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত

দিল্লী অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত আজি ভাৰতৰ মুকুণ্ড ছছীকুমাৰে ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি ৰাম কুমাৰ ৰামনাথানে শ্বেকিয়াৰ দালিবৰ চাৰ্চিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।