December 11, 2024 8:18 PM
14
দিল্লীত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত গুৱাহাটীৰ তক্ষীল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন
গুৱাহাটীৰ তক্ষীল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। তক্ষীলে আজি ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্বৰ কুমিটেৰ ৫০ কিলোগ্রাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদর্শ চৌধুৰীয়ে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে।