December 3, 2025 3:45 PM

views 26

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ উপ-নির্বাচনত বিজেপিৰ ৭ খন আসন লাভ

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছে। এই উপ-নির্বাচনত আম আদমী পার্টিয়ে ৩ খন আৰু কংগ্ৰেছ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক দলে এখনকৈ আসনত জয়লাভ কৰিছে। ফলাফল ঘোষণা হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চান্দনী চৌক সমষ্টিৰ সাংসদ প্রবীণ খাণ্ডেলৱালে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত দিল্লীত বিজেপিয়ে কৰা কাম-কাজৰ প্ৰতিফলন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰত মুঠ ৫৮০ টা ভোট কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হোৱা এই উপ-নির্বাচনত ২৬ গৰাকী মহিলাকে ধৰ...

November 29, 2025 1:00 PM

views 14

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডত কাইলৈ উপ-নির্বাচন

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডত কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ'ব। পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৫ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ-নির্বাচন হ'বলগীয়া ৱাৰ্ডসমূহ হৈছে- মুণ্ডকা, শ্বালিমাৰ বাগ- বি, অশোক বিহাৰ, চান্দনী চ’ক, চান্দনী মহল, দ্বাৰকা-বি, ডিচাও কালান, নাৰায়ইণা, সংগম বিহাৰ-এ, দক্ষিণপুৰী, গ্ৰেটাৰ কৈলাশ আৰু বিনোধ নগৰ। মুঠ ৫১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৬ গৰাকী মহিলা আৰু ২৫ গৰাকী পুৰুষ। অহা ৩ ডিচেম্বৰত ভোটগণনা কৰা হ'ব ।