December 25, 2024 6:42 PM

views 22

মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি দিল্লী চৰকাৰৰ স্পষ্টীকৰণ

দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ বিভাগে স্পষ্ট কৰি দিছে। বিভাগটোৰ যুটীয়া সঞ্চালকে এই বিষয়ত কয়, যে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এটা ৰাজনৈতিক দলে এই আঁচনিৰ অধীনৰ মহিলাসকলক প্ৰতিমাহে ২১০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি দাবী কৰাৰ তথ্য লাভ কৰিছিল। এই আঁচনিৰ নামত আবেদনকাৰীৰ পৰা পত্ৰ সংগ্ৰহ কৰা যিকোনো ব্যক্তি বা ৰাজনৈতিক দলে প্রকৃততে প্ৰৱঞ্চনা কৰিছে বুলি যুটীয়া সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। ইফালে, দিল্লী বিজেপিৰ সভাপতি বী...