February 7, 2025 6:17 PM

views 11

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হ'ব। প্ৰথমে প'ষ্টেল বেলটসমূহ গণনা কৰা হ'ব। দিল্লীৰ মুখ্য নির্বাচনী বিষয়া আৰ এলিছ ৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ বাবে প্ৰায় ৫ হাজাৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে www.eci.gov.in ৱেব ছাইটৰ জৰিয়তে সঠিক আৰু সবিশেষভাৱে ভোটগণনাৰ ফলাফল প্রকাশ কৰাৰ বাবে অতি সুৰক্ষিত আৰু প্ৰমাণিত ব্যৱস্থা গ্ৰহণ কৰিছে...

January 28, 2025 5:49 PM

views 18

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

দিল্লীত ৭০ খন আসনবিশিষ্ট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলি আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৰোড শ্ব', ঘৰে ঘৰে প্ৰচাৰ, জনসভা আদিৰ জৰিয়তে ভোট দাতাক আকর্ষণ কৰিবলে চেষ্টা চলাইছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বৰপুৰ আৰু কস্তুৰবা নগৰ সমষ্টিত ৰোড শ্বত ভাগ ল'ব। শ্রী শ্বাহে কালকাজি অঞ্চলত এখন জনসভাতো অংশগ্ৰহণ কৰিব। বিজেপিয়ে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰক প্ৰতিফলন কৰা আন এটা নিৰ্বাচনী প্ৰচাৰ গীত মুকলি কৰে। গীতটোত কণ্ঠ দিছে সাংসদ মনোজ ...

January 10, 2025 1:07 PM

views 15

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ১৭ জানুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২০ জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৫ লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ আৰু ৭১ লাখৰো অধিক মহিলা ভোটাৰ আছে। শাস...