January 11, 2025 12:24 PM
10
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন
৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ নিজ এলেকাত ভোটদাতাসকলক আকৰ্ষিত কৰিবৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী পার্ভেশ বার্মাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত গৈ প্ৰচাৰ চলাইছে। একেটা সমষ্টিৰে কংগ্ৰেছ প্ৰ...