February 3, 2025 12:18 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপি, আপ আৰু কংগ্ৰেছ দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰৰ মন জয় কৰিবলৈ ৰোড শ্ব’, জনসভা আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত ৬৯৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ১ কোটি ৫৬ লাখতকৈও অধিক ভোটদাতাই নির্বাচনী প্রক্ৰিয়াৰে প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। ১৩ হাজাৰ ৭৬০টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰা হ'ব। এই নিৰ্বাচনত ভোটদাতাৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ভোটদাতাৰ সুবিধা হোৱ...