February 8, 2025 9:35 PM February 8, 2025 9:35 PM
6
তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ
বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্ৰ, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সি...