February 6, 2025 5:43 PM

views 13

কটকটীয়া নিৰাপত্তাৰ মাজত দিল্লী বিধানসভা নির্বাচনৰ ইভিএমসমূহ ষ্ট্ৰং ৰূমত ৰখা হৈছে

দিল্লী বিধানসভা নির্বাচন কালি শান্তিপূর্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত নির্বাচন আয়োগ আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ষ্ট্ৰংৰূমত ৰখা হৈছে। ই ভি এমত ভাগ্য বন্দী হৈ থকা এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আতিশী, মনিষ ছিছ'দিয়া, বিজেপিৰ পাৰভেশ বাৰ্মা, বিজেন্দ্ৰৰ গুপ্তা, অৰবিন্দ সিং লাভলী আৰু ৰমেশ বিধুৰী, কংগ্ৰেছৰ দেবেন্দ্ৰ যাদৱ, সন্দিপ দীক্ষিত আৰু অলকা লাম্বা অন্যতম। কালি উত্তৰ-পূব দিল্লী জিলাত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ আৰু দক্ষি...

February 5, 2025 8:26 PM

views 28

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান

দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজালৈকে প্রায় ৫৮ শতাংশ ভোটদান হৈছে। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে আজি পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উত্তৰ-পূব দিল্লী জিলাত সৰ্বাধিক ৬৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে দক্ষিণ পূব জিলাত সর্বনিম্ন ৫৪ শতাংশ ভোটদান হোৱাৰ তথ্য লাভ কৰা হৈছে। শ্বাহদাত ৬১.৩-৫ শতাংশ, উত্তৰ দিল্লীত ৫৮ শতাংশ আৰু উত্তৰ পশ্চিম সমষ্টিত ৫৮.০৫ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে। দক্ষিণ দিল্লী জিলাত ৫৫.৭২ শতাংশ, নতুন দিল্লী সমষ্টিত ৫৪.৩৭ শতাংশ, দক্ষিণ পশ্চিম সমষ্টিত ৫৮.৮৬ শতাংশ...

February 4, 2025 6:30 PM

views 25

দিল্লী বিধানসভাৰ কাইলৈ ভোটগ্ৰহণ

দিল্লীৰ ৭০ খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে এক লাখ ৮০ হাজাৰৰো অধিক বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে৷ ইফালে নিৰ্বাচনৰ পূৰ্বে ২০২ কোটি টকাৰো অধিক মূল্যৰ সুৰা, ড্ৰাগ...

February 4, 2025 12:14 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ, অহা শনিবাৰে ভোটগণনা

৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কালি সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰে। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব।

February 3, 2025 6:33 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোলৈ এই নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পৰহিলৈ ভোটগ্রহণ হ'বলগীয়া এই নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগ তথা প্রশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৭০ খন আসনবিশিষ্ট এই বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হ'ব। ভিন ভিন ৰাজনৈতিক দলৰ নেতা আৰু তাৰকা প্ৰচাৰকসকলৰ লগতে প্রার্থীসকলেও বিভিন্ন পন্থা অৱলম্বন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ চেষ্ট...

January 31, 2025 8:27 PM

views 18

দিল্লী বিধানসভা নির্বাচনৰ প্ৰচাৰ অভিযান তুংগত

৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমর্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

January 31, 2025 3:42 PM

views 21

দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী

৭০ জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ৪ দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দ্বাৰকা অঞ্চলত এখন প্ৰচাৰ সভাত ভাগ ল'ব। ...

January 24, 2025 5:38 PM

views 23

৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন

অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সকলো মুখ্য ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা পূর্ণোদ্যমে চলাই আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰেলী আৰু ৰোড শ্বত ভাগ লোৱাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে আজি সন্ধিয়া নতুন দিল্লীত এটা ৰেলীত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মংগলপুৰী, নতুন দিল্লী আৰু দ্বাৰকা সমষ্টিত কেইবাখনো জন...

January 23, 2025 7:52 PM

views 22

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলে ভোটদাতাক নিজৰ দলীয় প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ৰোড শ্ব', ৰাজহুৱা সভা আৰু জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাড়ী, কেৰলবাগ আৰু জনকপুৰী আসনকেইখনৰ বাবে আজি বিয়লিৰ পৰা দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ ৰাজহুৱা সভাত অংশ ল'ব। একেদৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে পালম আৰু দিল্লী কণ্টেইনমেণ্ট আসনৰ বাবে প্ৰচাৰ চল...

January 22, 2025 3:02 PM

views 18

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ বিভিন্ন অংশত দলৰ হকে প্ৰচাৰ চলাব। ৰাহুল গান্ধীয়ে আজি বিয়লি সদৰ বজাৰ বিধানসভা সমষ্টিত ইন্দলোক এলেকাত এখন জনসভাত ভাষণ দিব। ইপিনে, আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লী মহানগৰীৰ তিনিটা স্থানত জনসভাত ভাষণ দিব। আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা তথা পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে দলৰ হৈ ৰ'ড শ্ব'ত ভাগ ল'ব।