June 11, 2025 11:55 AM

views 12

দিল্লীত ৰে’লৱে ব’ৰ্ডৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ সন্ধানহীন হোৱা হাফলঙৰ ৰশ্মিতা হোজাইৰ মৃতদেহ উদ্ধাৰ

দিল্লীত ৰে’লৱে ব'ৰ্ডৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ যোৱা ৫ জুনৰ পৰা সন্ধানহীন হৈ থকা ৰশ্মিতা হোজাই নামৰ ২৬ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ কালি উত্তৰাখণ্ডৰ পৌৰি গৰৱাল জিলাৰ এখন নদীৰ পাৰত উদ্ধাৰ কৰা হয়। হাৰিয়ানাৰ পৰা অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰা ৰশ্মিতাই গুৱাহাটীত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্রস্তুতি চলাই আছিল আৰু যোৱা ৪ জুনত ৰে'লৱে ব'ৰ্ডৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে দিল্লীলৈ গৈছিল। ইতিমধ্যে শিৱপুৰী আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ...