December 8, 2025 8:17 PM
26
লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি
দিল্লীৰ এখন আদালতে আজি যোৱা ১০ নৱেম্বৰত লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিজন চিকিৎসক আৰু এজন প্ৰচাৰকৰ নিয়াৰ জিম্মাৰ ম্যাদ ৪ দিনৰ বাবে বৃদ্ধি কৰিছে। ১০-দিনীয়া জিম্মাৰ ম্যাদ শেষ হোৱাৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মুজাম্মিল দানাই, ডাঃ আদিল বাথেৰ, ডাঃ চাহিনা শ্বাইদ আৰু মৌলবী ইৰফান আহমেদ বাগাইক আদালতত হাজিৰ কৰোৱা হয়। কেন্দ্রীয় তদন্তকাৰী সংস্থা, নিয়াই এতিয়ালৈকে এই গোচৰ সন্দৰ্ভত সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবে সংস্থাটোৱে বিভিন্ন ঠ...