July 28, 2024 8:00 PM

views 18

দিল্লীৰ কোচিং চেণ্টাৰত বিদ্যুৎপৃষ্ট হৈ প্ৰশিক্ষাৰ্থীৰ মৃত্যুত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ দুখ প্ৰকাশ; তদন্ত ঘোষণা

দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই এটা কোচিং চেণ্টাৰৰ তলৰ মহলাত পানী জমা হোৱাৰ ফলত তিনিজন আৰু বিদ্যুৎ পৃষ্ট হৈ এজন প্ৰশিক্ষাৰ্থীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে দেশৰ ৰাজধানীত হোৱা এনে ঘটনাক তেওঁ দুৰ্ভাগ্যজনক আৰু অগ্রহণযোগ্য বুলি অভিহিত কৰে। তেওঁ সংমণ্ডল আয়ুক্তক মঙলবাৰৰ ভিতৰত এই কৰুণ ঘটনাৰ প্ৰতিটো দিশ সামৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ কয়। তেওঁ লগতে এই মৃত্যুৰ বাবে দায়ীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলিও জানিবলৈ দিয়ে। তেওঁ কয় এই ঘটনাসমূহে সংশ্লিষ্ট সংস্থা আৰু বিভাগ...