December 19, 2024 5:26 PM December 19, 2024 5:26 PM

views 7

ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্রহণ কৰিব৷ ন্যায়াধীশ অভয় এছ ওকাৰ নেতৃত্বৰ এখন বিচাৰপীঠে দিল্লীৰ লগতে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত ন্যায়াধীশ এ.এছ. ওকা আৰু এ জি মাছিহে দিল্লীৰ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰি ৰাজধানী চহৰখনে গোটা আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ অনুসৰণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছিল। বিচাৰপীঠখনে দিল্লী চৰকাৰক এ...

November 16, 2024 10:52 AM November 16, 2024 10:52 AM

views 5

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয়

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে কালি বিয়লি ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মান এ কিউ আই সূচ্যাংক ৩৮৬ পোৱা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত পৰৱৰ্তী ২-৩ দিনত নিশা আৰু পুৱাৰ ভাগত ধোঁৱা মিহলি কুঁৱলী পৰিব পাৰে বুলি আগলি বতৰা দিছে। পৰিষদৰ তথ্য অনুসৰি বৱানাত এ কিউ আই ৪৫০, আনন্দ বিহাৰত ৪৪২, অশোক বিহাৰত ৪৩১, দ্বাৰকাত ৪০৮, পাঞ্জাবিবাগত ৪২২ আৰু ৰোহিনীত ৪৩৪ পোৱা গৈছে।