January 28, 2025 5:49 PM

views 18

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

দিল্লীত ৭০ খন আসনবিশিষ্ট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলি আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৰোড শ্ব', ঘৰে ঘৰে প্ৰচাৰ, জনসভা আদিৰ জৰিয়তে ভোট দাতাক আকর্ষণ কৰিবলে চেষ্টা চলাইছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বৰপুৰ আৰু কস্তুৰবা নগৰ সমষ্টিত ৰোড শ্বত ভাগ ল'ব। শ্রী শ্বাহে কালকাজি অঞ্চলত এখন জনসভাতো অংশগ্ৰহণ কৰিব। বিজেপিয়ে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰক প্ৰতিফলন কৰা আন এটা নিৰ্বাচনী প্ৰচাৰ গীত মুকলি কৰে। গীতটোত কণ্ঠ দিছে সাংসদ মনোজ ...

June 7, 2024 11:42 AM

views 15

দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টীয়ে

আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট অকল লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা হৈছিল। তেওঁ কয় যে, আম আদমী পার্টিয়ে লোকসভা নির্বাচনত কংগ্ৰেছৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল কিন্তু দলটোৱে দিল্লী বিধানসভা নিৰ্বাচনত দলটোৰ সৈতে মিত্ৰতা নকৰে।