July 5, 2025 8:23 PM

views 15

সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত

ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্তই এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজী প্ৰেছ ক্লাৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰা এই প্রতিবাদী সভাত মাধুৰ্য্য শ‍ইকীয়া নামৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকীক আক্ৰমনৰ ঘটনাত জড়িত দুর্বৃত্তক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, ধেমাজীৰ চিমেন-চিচি টঙানি উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ পঞ্চায়তৰ সভাপতি নির্বাচন সম্পৰ্কীয় বাতৰি সং...