June 23, 2024 12:34 PM

views 14

ৰাজ্যৰ বান পৰিস্থিতি আৰু প’ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী সলনি

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা সমৰ্থ পৰ্টেলত দেখা দিয়া বিসংগতিৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী পিছুৱাই দিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু প'ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে এই সময়সূচী সলনি কৰিছে বুলি বিভাগটোৱে এটা বিবৃতিযোগে জনাইছে। এই অনুসৰি মহাবিদ্যালয়সমূহত প্রথম মেধাৰ তালিকাত স্থানপ্রাপ্তসকলে আজি নামভৰ্তি কৰিব পাৰিব। কাইলৈ আৰু পৰহিলৈ দ্বিতীয়খন প্রথম মেধাৰ তালিকা প্ৰকাশ কৰা হ'ব। ২৬, ২৭ আৰু ২৮ জুনত দ্বিতীয়খন মেধাৰ তালিকাৰ ভিত্ত...