September 14, 2025 8:08 PM

views 21

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্রমণসূচীলৈ কলকাতালৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্রমণসূচীলৈ কলকাতালৈ ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে কয় যে তেওঁ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া সংযুক্ত কমাণ্ডাৰ্ছ সন্মিলনত অংশগ্রহণ কৰিব। তেওঁ কয় যে এইবাৰৰ সন্মিলনত সংস্কাৰ পৰিৱৰ্তন আৰু কাৰ্যকৰী প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

August 31, 2025 10:24 AM

views 24

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়, বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্তঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়। বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্ত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত কালি প্ৰতিৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অপাৰেশ্বন সিন্দুৰৰ সফলতাৰ বিষয়ে আলোকপাত কৰি তেওঁ কয় যে এই অভিযান দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতাৰ উজ্বল নিদর্শন। তেওঁ লগতে কয় যে সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ভূমিত থলুৱা সঁজুলি ব্যৱহাৰেৰে কৰা নিখুঁত আক্রমণে প্ৰমাণ কৰিলে যে দূৰদৰ্শিতা, দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু সমন্বয় অবিহনে কোনো অভিযান সফল হ'ব নোৱা...

July 6, 2025 7:56 PM

views 28

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বাৰা নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি কৰিব। প্ৰতিৰক্ষা গণনা বিভাগে তিনিদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই সন্মিলনত ৮খনকৈ উচ্চ পৰ্যায়ৰ বাণিজ্যিক অধিবেশন আয়োজিত হ'ব। এই অধিবেশনসমূহত বাজেট তথা গণনা সংক্রান্তীয় সংস্কাৰ, অভ্যন্তৰীণ হিচাপ পৰীক্ষা সংস্কাৰ, সহযোগিতামূলক গৱেষণাকে ধৰি সক্ষমতা নিৰ্মাণৰ লগতে কেইবাটাও বিষয় সামৰি লোৱা হ'ব। বিবৃতিটোত লগতে কোৱা হয় যে এই অধিবেশনসমূহত এটা প্...