October 30, 2025 9:25 PM
21
আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মালয়েছিয়ালৈ ৰাওনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহিলা নৱেম্বৰৰ পৰা হ'বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্রহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হৈছে। শ্ৰী সিঙে এই ভ্ৰমণৰ সময়ছোৱাত মালয়েছিয়াৰ অধ্যক্ষতাত কাইলৈ আছিয়ানভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকৰ দ্বিতীয় সংস্কৰণত ভাষণ দিব। তেওঁ এই মঞ্চত এ ডি এম এম-প্লাছৰ ১৫ বছৰীয়া প্ৰতিফলন আৰু এই পথত অগ্ৰসৰ হোৱাৰ কৌশল শীর্ষক বিষয়ত আলোকপাত কৰিব। এই বৈঠকে আছিয়ানৰ সদস্য ৰাষ্ট্ৰ ...