January 15, 2026 7:51 PM

views 10

সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক অভিনন্দন জনাইছে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা বার্তাত কয় যে ভাৰতীয় সেনাবাহিনীৰ সাহস, সর্বোচ্চ ত্যাগ আৰু দেশ ৰক্ষাৰ বাবে থকা প্রতিশ্রুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান জনাই আহিছে। দেশৰ সীমান্ত ৰক্ষাৰ লগতে সংঘাতৰ সময়ত দেখুওৱা সাহসৰ কথা উল্লেখ কৰি শ্রীসিতে কয় যে পেছাদাৰী মনোভাৱ, নিয়মানুবর্তিতা আৰু মানৱ সেৱাৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ সমীহ আদায় কৰিবলৈ সমৰ্থ হৈছে।

January 13, 2026 6:14 PM

views 7

লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৌসেনাই আয়োজন কৰা এই বৃহৎ পৰিসৰৰ স্বাস্থ্য শিবিৰে ভিতৰুৱা অঞ্চলৰ নাগৰিকক গুণগত স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে স্বাস্থ্য পৰীক্ষা, যিকোনো ৰোগৰ আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা পৰামৰ্শ তথা ঔষধৰ বিনামূলীয়া বিতৰণে দ্বীপটোত বাস কৰা সমুদায়...

December 22, 2025 11:52 PM

views 12

ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ' আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰক্ষা উৎপাদন সমন্বয় আৰু সেৱা বিনিময় বিভাগৰ সঞ্চালক প্ৰধান ড০ চন্দ্ৰিকা কৌশিক আৰু বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড০ বিমল এন পেটেলে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দেশৰ অমৃতকালত আত্মনিৰ...

November 29, 2025 10:50 PM

views 15

ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন: ৰাজনাথ সিং

■ ভাৰতে বৰ্তমান উন্নয়নৰ পথত আগবাঢ়িবলৈ যুৱক-যুৱতীসকল উৎসাহী হৈ থকাটো অতি প্রয়োজন। আজি উত্তৰাখণ্ডৰ মচুৰীস্থিত লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচনত অনুষ্ঠিত হোৱা ১০০ সংখ্যক বুনিয়াদী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে এই উন্নয়নৰ যাত্ৰাত সমানে অংশগ্রহণ কৰিব লাগিব। যি সময়ত মানৱতাই বহু নৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সময়ত আম...

October 26, 2025 11:31 AM

views 25

ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন

ভাৰতীয় সেনাৰ দশকযোৰা পৰিৱৰ্তনৰ দৃষ্টিভংগীক শক্তিশালী ৰূপ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত কোনার্ক আৰু ফায়াৰ এণ্ড ফিউৰি বাহিনীৰ বাবে ডাটা চেণ্টাৰৰ উদ্বোধন কৰে। সেনাৰ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই ডাটা চেন্টাৰক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে আধুনিক সঁজুলি হেল্প লাইন প'ৰ্টেল মুকলি...

October 21, 2025 7:03 PM

views 41

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্যঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত ছহিদসকলৰ প্রতি শ্রদ্ধার্ঘ্য নিবেদন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সেনা বাহিনী আৰু আৰক্ষী বাহিনীৰ মঞ্চ ভিন ভিন হ'ব পাৰে, কিন্তু তেওঁলোকৰ মিছন এটাই আৰু সেয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা। তেওঁ কয়, যে সেনা বাহিনীয়ে দেশক সুৰক্ষিত কৰে আৰু আৰক্ষীয়ে সমাজক সুৰক্ষিত কৰে। সেনা ব...

October 19, 2025 2:25 PM

views 21

আৰক্ষী স্মৃতি দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধার্ঘ্য নিবেদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰিব। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখত চীনৰ সশস্ত্র সৈনিকৰ এটা দলে অতর্কিতে আক্রমণ চলাই নিহত কৰা ১০ গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানসকলৰ যুটীয়া কুছ-কাৱাজৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ আৰু কেন্দ্ৰীয় আৰক্ষী সংস...

October 10, 2025 3:35 PM

views 64

ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতোকৈ দ্রুত হাৰত অগ্রগতি লাভ কৰা অৰ্থনীতি: ৰাজনাথ সিং

● প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতবৰ্ষই সম্প্ৰতি গাঁথনিগত সংস্কাৰৰ দিশত, বিশেষকৈ নিৰ্মাণ খণ্ডত পৰিৱৰ্তনমূলক যাত্ৰাত অগ্ৰসৰ হৈছে। ছিডনীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা, উদ্যোগ আৰু বাণিজ্য বিষয়ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতোকৈ দ্রুত হাৰত অগ্রগতি লাভ কৰা অৰ্থনীতি। দেশৰ প্ৰতিৰক্ষামূলক উৎপাদনৰ হাৰ আগৰ বছৰটোৰ তুলনাত বিগত বৰ্ষত ১৮ শতাংশ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি এই পৰিমাণ ৫১ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছ...

October 2, 2025 7:04 PM

views 39

ছাৰ ক্ৰিক এলেকাত পাকিস্তানে সংঘটিত কৰিব পৰা যিকোনো ধৰণৰ দুঃসাহসিক কাৰ্যৰ বিৰুদ্ধে দেশখনক সকীয়নি ৰাজনাথ সিঙৰ

● প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছাৰ ক্ৰিক এলেকাত পাকিস্তানে সংঘটিত কৰিব পৰা যিকোনো ধৰণৰ দুঃসাহসিক কাৰ্যৰ বিৰুদ্ধে দেশখনক সকীয়াই দিছে। ভাৰতে এনে কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি সকীয়নি দি তেওঁ লগতে কয়, যে ইয়াৰ ফলত ইতিহাস আৰু ভূগোল দুয়োটাই সলনি হৈ যাব পাৰে। বিজয়া দশমীৰ সৈতে সংগতি ৰাখি কটচ্চৰ লক্কি নালা মিলিটাৰী গেচিনত আয়োজন কৰা শস্ত্ৰ পূজন উৎসৱত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

September 29, 2025 5:54 PM

views 54

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ উপকূলৰক্ষী কামাণ্ডাৰৰ সন্মিলনত অংশ লৈ দিয়া ভাষণত শ্ৰী সিঙে কয়, যে প্রতিৰক্ষা বাহিনীসমূহ দেশৰ সুৰক্ষাৰ প্ৰতি আহিব পৰা বিভিন্ন ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সাজু হৈ থকা উচিত। তেওঁ কয়, যে বর্তমান সময়ত প্ৰত্যাহ্বানসমূহ পৰিৱৰ্তনশীল হোৱা হেতুকে অধিক প্রস্তুতিৰ প্রয়োজন। তেওঁ লগতে স্বয়ংক্রিয় সুৰক্ষা ব্যৱস্থাসমূহৰ ওপৰ...