May 13, 2025 9:32 PM
19
দেশৰ প্ৰতিৰক্ষা শিতানত ২০২৫-২৬ বৰ্ষত বাজেট ৬ লাখ ৮১ হাজাৰ কোটি টকা
দেশৰ প্ৰতিৰক্ষা শিতানৰ বাজেট ২০২৫-২৬ বৰ্ষত ২০১৩-১৪ চনৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে কৌশলগত সংস্কাৰ, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু উদ্ভাৱনে থলুৱা নিৰ্মাণৰ প্ৰসাৰত অৰিহণা যোগাইছে। ইয়াৰ ফলত দেশ আত্মনিৰ্ভৰশীল হৈ পৰিছে আৰু বিশ্ব পৰ্যায়ত নিৰ্ভৰযোগ্য প্ৰতিৰক্ষা আহিলাপাতি ৰপ্তানিকাৰী হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হৈছে বুলিও মন্ত্ৰালয়ে প্রকাশ কৰিছে।