October 19, 2025 1:36 PM
46
দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত দীপাৱলী উৎসৱৰ আয়োজন
উত্তৰ প্ৰদেশৰ অযোধ্যাত অনুষ্ঠিত দীপাৱলী উৎসৱৰ দৰে দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত এই উৎসৱৰ আয়োজন কৰা হৈছে। কালি কর্তব্যপথত আয়োজিত এই দীপাৱলী উৎসৱৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে দীপাৱলী কেৱল মাত্ৰ পোহৰৰ উৎসৱেই নহয়, বৰং ই এটা নতুন দিশৰো বাৰ্তা বহন কৰে। তেওঁ কয়, যে দিল্লীৱাসী বিশ্বাস আৰু আধুনিকতাৰ সমন্বয়ত সুন্দৰকৈ আয়োজন কৰা এই দীপাৱলী উৎসৱৰ সাক্ষী হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই উৎসৱত কালি কমেও ১ লাখ ৫০ হাজাৰ চাকি জ্বলোৱা হ...