December 21, 2025 8:08 PM

views 18

যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পূণ্য তিথি উপলক্ষে ৰাজ্য়বাসীৰ শ্রদ্ধা নিবেদন

সুবদী কণ্ঠৰ এমুঠি কালজয়ী গীতেৰে শতসহস্র শ্রোতা জনতাক মুগ্ধ কৰি যোৱা যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৫৭ চনতে আকাশবাণী গুৱাহাটী যোগে দীপালী বৰঠাকুৰৰ কণ্ঠত লীলা গগৈয়ে ৰচনা কৰা মোৰ বোপাই লাহৰি শীৰ্ষক গীতটি প্ৰচাৰ হৈছিল। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা সুৰ তথা লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাৰে মুক্তি লাভ কৰা চলচ্চিত্ৰত শিল্পীগৰাকীয়ে নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰে। ৰুদ্ৰ বৰুৱা, ভবেন বৰঠাকুৰ, কমল হাজৰিকা, মুক্তিনাথ শৰ্মা বৰদলৈ আৰু ড° ...