August 27, 2025 6:55 PM

views 8

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত আন্তঃশিক্ষানুষ্ঠান তর্ক প্রতিযোগিতাৰ আয়োজন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত কা বিৰোধী গণ আন্দোলনৰ ৫ গৰাকী ছহিদৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আন্তঃশিক্ষানুষ্ঠান তর্ক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্রেক্ষাগৃহত অহা ৩০ আগষ্টত পুৱা ৯ বজাত প্ৰতিযোগিতা আৰম্ভ হ'ব। তৰ্ক প্রতিযোগিতাৰ বিষয় হৈছে- সদনৰ মতে ইনাৰ লাইন পার্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাদে অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ আন কোনো বাটেই নাই। প্রত...

March 20, 2025 6:24 PM

views 17

অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক তর্ক প্রতিযোগিতা

গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী তৃতীয় বার্ষিক সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰীৰ বাবে তর্ক প্রতিযোগিতা অনুষ্ঠিত হ'ব। ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ ফলত অসমীয়া ভাষা ভৱিষ্যতলৈ সুৰক্ষিত হৈছে এই বিষয়ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো ছাত্ৰীৰ বাবে মুকলি তর্ক প্রতিযোগিতাখনত বিজয়ীসকলক আর্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। শ্রেষ্ঠ বিজয়ী দলক ৮ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব। শ্রেষ্ঠ তার্কিকগৰাকীলৈ ৪ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব।