October 12, 2025 8:01 PM

views 32

শুৱালকুছিৰ বুদৰাম মাধৱৰ সত্ৰাধিকাৰ মহাবিদ্যালয়ত সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা সম্পন্ন

শুৱালকুছিৰ বুদৰাম মাধৱৰ সত্ৰাধিকাৰ মহাবিদ্যালয়ত কালি ৰঞ্জিত চৌধুৰী সোঁৱৰণি সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা সম্পন্ন হয়। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ পতনে ভাৰতীয় গণতন্ত্ৰৰ প্রতি নৱ প্রজন্মক আস্থাহীন কৰি তুলিব শীর্ষক বিষয়ত এই প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত কে চি দাস কমাৰ্চ কলেজৰ নিখিল মহেশ্বৰী শ্রেষ্ঠ তার্কিক হিচাপে বিবেচিত হয়। একেদৰে জগন্নাথ বৰুৱা আইন মহাবিদ্যালয়ৰ অগষ্টা কাশ্যপ আৰু ঋতিজ জালানে শ্রেষ্ঠ দলৰ খিতাপ অর্জন কৰে।