April 6, 2025 1:26 PM

views 7

ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪লৈ বৃদ্ধি

ম্যানমাৰৰ ভূমিকম্পত নিহত লোকৰ সংখ্যা ৩,৩৫৪ লৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছৰে পৰা ২০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ মাণ্ডলেত উপস্থিত হোৱা ৰাষ্ট্ৰসংঘৰ সাহায্য মুৰব্বী টম ফ্লেচৰে সাহায্য প্ৰচেষ্টাৰ বাবে মানৱীয় আৰু সমূহীয়া সংস্থাসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘ সহায়ৰ বাবে প্ৰস্তুত আৰু বিশ্বই ম্যানমাৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিয়া উচিত। ভাৰত আৰু অন্য দেশৰ উদ্ধাৰকাৰী দলে সাহায্য অভিযানত সক্রীয়ভাবে সহযোগিতা আগবঢ়াই আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত...