July 28, 2025 5:18 PM July 28, 2025 5:18 PM
18
পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু
পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়।বাহনখনত থকা ১৯জনক উদ্ধাৰ কৰা হৈছে যদিও ৪জন লোকৰ সন্ধান পোৱা হোৱা নাই। লুধিয়ানাৰ উপ আয়ুক্ত হিমাংশু জৈনে এই কথা প্ৰকাশ কৰি সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি উল্লেখ কৰে। আন এটা ঘটনাত জলন...