December 20, 2025 7:06 PM

views 11

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা দেহাৱসান

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্রয়াত ভূঞাই প্রথম ৰঞ্জী ট্ৰফী প্রতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্রথমখন ৰঞ্জী ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোল্কাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি ইতিহাস সৃষ্টি কৰিছিল। ৪০ আৰু ৫০ৰ দশকত তেওঁ অসমত ক্রিকেট খেলৰ অনুকূল পৰিৱেশ সৃষ্টিত উল্লেখনীয় ভূমিকা আগবঢ়াই গৈছে। তেওঁৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন ক্রীড়া সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

December 20, 2025 7:02 PM

views 17

নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত আজি পুৱতি নিশা ৰেলৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেঁও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কর্তৃপক্ষক আলোচনামর্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা ২ বাজি ১৭মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা আহত হয়। এই দুর্ঘটনাত ৰে...

December 18, 2025 6:45 PM

views 9

ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰিজনৰ মৃ...

December 17, 2025 12:59 PM

views 8

যোৱা ১০ ডিচেম্বৰত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে খাৰধূলিত উদ্ধাৰ কৰা মৃতদেহটো এই পর্যন্ত চিনাক্ত কৰা হোৱা নাই। বাকী দুজন এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্রত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই তি...

November 8, 2025 8:42 PM

views 22

জোনাইৰ ৰাজাখানাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙিয়া অভিমুখী নামনিমুৱা ৰে'লখনে মহতীয়াই নিয়া লোকজন জোনাইৰ এক নম্বৰ ৰাজাখানা ৬০ বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে লোকজন প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল। স্থানীয় লোকে ৰে'ল আৰক্ষীক খবৰ দিয়াত ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

October 3, 2025 12:20 PM

views 29

প্রবীণ গান্ধীবাদী নেতা জি জি পাৰিখৰ দেহাৱসান

প্রবীণ গান্ধীবাদী, সমাজবাদী নেতা তথা স্বাধীনতা সংগ্রামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। স্বাধীনতা সংগ্ৰামীগৰাকীক তেওঁৰ জীৱন কালত দুবাৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ৷ প্ৰথমটো ১৯৪২ চনত ভাৰত ত্যাগ অন্দোলনৰ সময়ত আৰু পাছত জৰুৰী অৱস্থাৰ সময়ত । এই জটিলতাৰ পাছতো সামাজিক কাৰ্যৰ প্ৰতি তেওঁৰ নিষ্ঠা অভূতপূৰ্ব আছিল। তেওঁ ছাত্ৰ কৰ্মী হিচাপে ৰাজহুৱা সক্ৰিয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৪০ৰ দশকত সৌৰাজ্য আৰু মুম্বাইৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ ছাত্র কংগ্ৰেছৰ বম্বে...

September 16, 2025 1:07 PM

views 28

মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হয়। কালি দিনৰ প্ৰায় ১১ বজাত ৰীনা ডেকা দাস নামৰ প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত ওচৰৰ পাহাৰৰ পৰা খহি অহা এটা শিলাখণ্ডই তেওঁক হেঁচা মাৰি ধৰে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়। আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে নিশা প্ৰায় ৯ বজাত মৃতদেহটো উদ্ধাৰ কৰে। দুৰ্গম পাহাৰীয়া এলেকাটোৰ ভৌগোলিক অৱস্থানৰ বাবে উদ্ধাৰ অভিযান কিছু ব্যাহত হয়। এবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে সেই...

September 4, 2025 8:21 PM

views 20

বর্ষীয়ান সাংবাদিক বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া নৱগ্ৰহ শ্মশানত সম্পন্ন

কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। অন্ত্যেষ্টিক্রিয়াত ভালেসংখ্যক গুণমুগ্ধ আৰু সংবাদকর্মী উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ ভাগত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ অনা হয় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ লগতে আন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সতীৰ্থগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰাকীৰ কালি বিয়লি গুৱাহাটীৰ এখন হাস্পতালত ৮৯ বছৰ বয়স...

September 3, 2025 8:07 PM

views 19

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটিছে। বর্ষীয়ান সাংবাদিক গৰাকীয়ে আজি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তর্জাতিক পর্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুছি গাঁৱত। নলবাৰী গর্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম...

July 4, 2025 6:56 PM

views 12

ডাঃ ৰূপলিন ৰংপিপিৰ মৃত্যুত ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলিন ৰংপিপি নামৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ চিকিৎসকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা শোকবার্তাত কাৰ্বি সমাজে চিকিৎসকগৰাকীৰ অৱদান সদায় মনত ৰাখিব বুলি উল্লেখ কৰে। চিকিৎসাবৃত্তিৰ সমানে সমানে সাংস্কৃতিক ক্ষেত্ৰতো দখল থকা চিকিৎসকগৰাকীৰ কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী- ঢেৰেকনীৰ বাবে ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি থিতাতে মৃত্যু হয়। ডাঃ ৰ...