September 30, 2026 11:08 AM

views 14

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড০ মনোৰঞ্জন শৰ্মাৰ দেহাৱসান

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড০ মনোৰঞ্জন শৰ্মাৰ কালি পুৱা গুৱাহাটীৰ বেলতলাৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অর্থনীতি বিভাগৰ অধ্যাপকৰূপে কাৰ্য্যনিৰ্বাহ কৰা প্ৰয়াত শৰ্মা সংবাদমাধ্যমৰ সৈতেও জড়িত আছিল। তেওঁৰ বিয়োগত শৈক্ষিক ক্ষেত্ৰত শূন্যতাৰ সৃষ্টি হৈছে বুলি অনুৰাগী সকলে প্ৰকাশ কৰিছে।

September 14, 2026 1:25 PM

views 9

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা০ নাৰায়ণ উপাধ্যায়ৰ দেহাৱসান

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডা০ নাৰায়ণ উপাধ্যায়ৰ কালি বিয়লি চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নায়ুৰোগ বিভাগৰ মুৰববী চিকিৎসক হিচাপে অৱসৰ গ্রহণ কৰা ডা০ উপাধ্যায় সাহিত্য, দৰ্শন, সংস্কৃত আৰু ভাৰতীয় আধ্যাত্মিক চিন্তাৰ প্ৰতি গভীৰ আগ্ৰহী আছিল। এগৰাকী জনপ্ৰিয় চিকিৎসক তথা সুবক্তা হিচাপে পৰিচিত ডা০ উপাধ্যায় বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃ...

August 12, 2026 7:54 PM

views 18

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ দেহাৱসান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৯ বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ১৯৬৬ চনত চাকৰিত যোগদান কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।

July 15, 2026 1:06 PM

views 25

টেনজিং ইংতিৰ বিয়োগত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ শোক প্রকাশ

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটীয়া আয়ুক্ত তথা কার্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংতিৰ বিয়োগত শোক প্রকাশ কৰিছে। তেওঁৰ সন্মানার্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় আজি বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰিছে।

July 15, 2026 11:39 AM

views 44

অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকষ্মিকভাৱে দেহাৱসান ঘটে। হঠাত অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ১৯৮০ চনত নিপ বৰুৱা পৰিচালিত আজলী নবৌ ছবিৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা-পুত্র, সোণ-মইনা, প্রথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটি পাৰ, নায়ক, প্রভাতী পখীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্রিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰি...

December 20, 2025 7:06 PM

views 59

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা দেহাৱসান

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্রয়াত ভূঞাই প্রথম ৰঞ্জী ট্ৰফী প্রতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্রথমখন ৰঞ্জী ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোল্কাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি ইতিহাস সৃষ্টি কৰিছিল। ৪০ আৰু ৫০ৰ দশকত তেওঁ অসমত ক্রিকেট খেলৰ অনুকূল পৰিৱেশ সৃষ্টিত উল্লেখনীয় ভূমিকা আগবঢ়াই গৈছে। তেওঁৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন ক্রীড়া সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

December 20, 2025 7:02 PM

views 72

নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত আজি পুৱতি নিশা ৰেলৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেঁও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কর্তৃপক্ষক আলোচনামর্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা ২ বাজি ১৭মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা আহত হয়। এই দুর্ঘটনাত ৰে...

December 18, 2025 6:45 PM

views 48

ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰিজনৰ মৃ...

December 17, 2025 12:59 PM

views 49

যোৱা ১০ ডিচেম্বৰত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে খাৰধূলিত উদ্ধাৰ কৰা মৃতদেহটো এই পর্যন্ত চিনাক্ত কৰা হোৱা নাই। বাকী দুজন এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্রত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই তি...

November 8, 2025 8:42 PM

views 75

জোনাইৰ ৰাজাখানাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙিয়া অভিমুখী নামনিমুৱা ৰে'লখনে মহতীয়াই নিয়া লোকজন জোনাইৰ এক নম্বৰ ৰাজাখানা ৬০ বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে লোকজন প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল। স্থানীয় লোকে ৰে'ল আৰক্ষীক খবৰ দিয়াত ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।