October 26, 2025 12:23 PM

views 100

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

১৯৮৫ চনৰ ২৪ মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেবেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰত্যাহ্বান নেওচি সীমিত সা-সুবিধাৰ মাজত প্ৰথম অৱস্থাত বাতৰি সম্প্ৰচাৰৰ আৰম্ভণিৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তালুকদাৰে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে গুৱাহাটীৰ দূৰদৰ্শনৰ বাতৰি আৰম্ভ কৰাৰ ক্ষেত্ৰত আকাশবাণী ...

March 7, 2025 8:40 PM

views 80

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ বিশেষ অনুষ্ঠান

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত অৱস্থিত কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মহিলা কৰ্মচাৰীসকলে তেওঁলোকৰ পৰম্পৰাগত পোচাক পৰিধান কৰি অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্ৰীভাটনাগৰে নাৰীশক্তিক দেশৰ প্ৰগতিৰ অন্যতম চালিকা শক...

April 5, 2024 12:19 PM

views 121

দিল্লীৰ ৰং ভৱনত লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনৰ প্ৰচাৰৰ সময় নিৰ্ধাৰণ

♦ নতুন দিল্লীৰ ৰং ভৱনত কালি আসন্ন লোকসভা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় দলসমূহৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনযোগে প্ৰচাৰৰ সময় নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি প্ৰতিটো ৰাষ্ট্ৰীয় দলক আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে ৪৫ মিনিটকৈ সময় প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ৬টা ৰাষ্ট্ৰীয় দলৰ বাবে প্ৰচাৰ তথা সম্প্ৰচাৰৰ বাবে অতিৰিক্ত চাৰে ৫ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় দলসমূহক অহা ১৬ আৰু ২৩ এপ্ৰিলৰ লগতে ৩, ১০, ১৭, ২২ আৰু ২৯ মে'ত প্ৰচাৰ আৰু সম্প্ৰচাৰৰ সময় প্ৰদান কৰা হৈছে।