June 25, 2024 8:41 PM

views 27

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

May 31, 2024 7:52 PM

views 26

সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা তিনিচুকীয়া জিলা আয়ুক্তৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপনীল পালে আজি জিলাখনৰ সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সূর্যোদয়ৰ সঞ্চালকগৰাকীয়ে আয়ুক্ত শ্রীপালক শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে শিশুগৃহৰ শিশুসকলক পায়স বিতৰণ কৰাৰ লগতে আশ্ৰয় গৃহলৈ অহা-যোৱা কৰা পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ আশ্বাস দিয়ে।