June 22, 2024 8:42 PM

views 50

দৰঙৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বান ক্ষতিগ্ৰস্ত দৰং জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ছিগা মথাউৰিৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত বানপীড়িত ৰাইজক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ তেওঁ দৰং জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে, বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কাঁহীতলীত দিমিলা নৈৰ বানৰ ফলত ছিগা জলসিঞ্চন বিভাগৰ ৰিং বান্ধ পৰিদৰ্শন কৰে। তেওঁ দৰং আৰু কামৰূপ জিলা...