October 16, 2024 11:45 AM
25
দৰং জিলাৰ দেৱানন্দ সত্ৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱ
দৰং জিলাৰ ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা আৰু পূৰ্বৰ বিধি অনুসৰি আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই উৎসৱ পালন কৰা হয়। মহাভাৰতত বর্ণিত দধিমন্থন আৰু সাগৰমন্থন আখ্যানৰ আলমত সামগ্ৰিকভাৱে পালন কৰা হয় এই মথনী উৎসৱ। মূল উৎসৱৰ আগনিশা পালন কৰা হয় দধিমন্থন আৰু মূল মথনী উৎসৱৰ দিনা নিশা পালন কৰা হয় সাগৰ মন্থন। এইবাৰ এই উৎসৱ উদযাপন উপলক্ষে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীক সভাপতি আৰু উৎপল গোস্বামীক সম্পাদক হিচাপে লৈ বিস্তৃ...