October 5, 2025 8:44 PM

views 49

দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গভীৰ সমবেদনা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্রীশ্বাহে কয়, যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী ইতিমধ্যে দার্জিলিঙত উপস্থিত হৈছে আৰু অন্যান্য সংগঠনসমূহো প্রয়োজন অনুসৰি সহায় কৰিবলৈ প্রস্তুত আছে। শ্রীশ্বাহে দার্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে বুলি জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে, উত্তৰবংগৰ গোর্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তৰ্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ...

October 5, 2025 6:59 PM

views 26

উত্তৰবংগৰ দার্জিলিং জিলাত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকৰ প্ৰাণহানি

উত্তৰবংগৰ গোৰ্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তর্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। একেৰাহে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত মিৰিক, কাৰ্ছিয়ং, ৰংভাং, পুলবাজাৰ আদি এলেকা সমূলি জলবন্দী হৈ পৰাৰ লগতে পাহাৰীয়া জিলা কালিম্পং আৰু কাষৰীয়া বিভিন্ন এলেকাত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে জনসাধাৰণলৈ বিপর্যয় কঢ়িয়াই আনিছে। তিস্তা নৈৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি যোৱাৰ ফলত  যানবাহনৰ চলাচল ব্যাহত হৈ পৰিছে। শিলিগুৰিৰ সৈতে ছিকিমক সংযোগ কৰা ১...