July 24, 2025 6:48 PM

views 37

মঙলদৈ চহৰৰ ২ নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দৰং আৰক্ষীয়ে মঙলদৈ চহৰৰ দুই নম্বৰ ৱাৰ্ডত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য, ৮টা মোবাইল ফোন, এটা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ এগৰাকী মহিলা। অধিক তথ্যৰ বাবে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

October 26, 2024 6:40 PM

views 27

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুনী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সুদক্ষ দবা খেলুৱৈ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিপুল শর্মাই প্রতিযোগিতাখন আজি উদ্বোধন কৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ এসময়ৰ সুদক্ষ দবা খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জনোৱা হয়।

October 15, 2024 7:00 PM

views 23

দৰং জিলাৰ দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন

দৰং জিলাৰ ঐতিহাসিক দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। মথনী উৎসৱৰ লগতে ১৬২৫ চনত স্থাপিত সত্ৰখনত ৪০০ বছৰীয়া জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী উদযাপন কৰা হয়। সাংসদ দিলীপ শ‍ইকীয়াক সভপতি, বিধায়ক ডº পৰমানন্দ ৰাজবংশীক কাৰ্যকৰী সভাপতি হিচাপে লৈ গঠন কৰা সমিতিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰিছে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বৰা, বিধায়ক বসন্ত দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকিব।

June 27, 2024 7:51 PM

views 34

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত জিলা পথ সুৰক্ষা সমিতিৰ সভা

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত বাৰিষাৰ বতৰত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ বিভিন্ন অঞ্চলৰ বাট-পথসমূহৰ মেৰামতিৰ প্ৰসঙ্গই স্থান লাভ কৰে। তদুপৰি বাৰিষাৰ বৰষুণে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহত সৃষ্টি কৰা গাঁতসমূহ পূৰ কৰাৰ বাবে আয়ুক্তই সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তদুপৰি যান-বাহনৰ চলাচল সম্পৰ্কীয় বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয়। একেদৰে পথ সুৰক্ষা বৃদ্ধিৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল...