October 24, 2024 8:51 PM

views 10

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰভাৱত ৰাজ্যত বতৰ ডাৱৰীয়া, কোনো কোনো ঠাইত পাতলীয়া বৰষুণ

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱত অসমত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আজি নিশা বা কাইলৈ নিচেই পুৱা এই বতাহজাকে ওড়িশাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে। বিভাগে বতাহজাক প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে বলিব পাৰে বুলি সতর্কতা জাৰি কৰিছে। বতাহজাকৰ ফলত ওড়িশাৰ কেন্দ্ৰপাৰা, বালেশ্বৰ আৰু ভদ্ৰক জিলাৰ সৰ্বাধিক ক্ষতি হ'ব পাৰে বুলি আশংকা কৰা হৈছে। ৰাজ্যখনৰ অন্য ১১খন জিলাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে...