December 23, 2024 8:28 PM

views 14

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰদাঙাত ১৬ জন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰদাঙাৰ পৰা আজি পুৱতি নিশা আৰক্ষীয়ে ১৬জন বাংলাদেশী নাগৰিকক আটক কৰিছে। কেইমাহ মান পূৰ্বে এই লোককেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বাংগালুৰুত শ্রমিক হিচাপে কাম কৰাৰ পাছত ঘৰলৈ উভতি যোৱাৰ বাবে মানকাচৰ সীমান্তত উপস্থিত হৈছিল। মানকাচৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীক বাধা দিবলৈ সীমান্তত টহল দি থকা অৱস্থাত এই লোক কেইজনে সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। লোক কেইজনক মানকাচৰ থানাত জেৰা কৰি থকা হৈছে আৰু আজি নিশাৰ ভাগত লোক...